O Mur Dhoritri Aai (অ’ মোৰ ধৰিত্ৰী আই) | Lyrics By Bhupen Hazarika

Song: O Mur Dhoritri Aai (অ’ মোৰ ধৰিত্ৰী আই)

Singer: Bhupen Hazarika

O Mur Dhoritri Aai Lyrics
O Mur Dhoritri Aai Lyrics

O Mur Dhoritri Aai Lyrics:—

অ’ মোৰ ধৰিত্ৰী আই
চৰণতে দিবা ঠাই,
খেতিয়কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়;
দয়া কৰা দয়াশীলা আই ।
দয়া কৰা দয়াশীলা আই |

ৰ’দ বৰষুণ কাতি কৰি,
ঘাম পেলাই চহ কৰি,
তোমাৰ বুকুত সোণ চপাওঁ,
আনে নিয়ে কাঢ়ি,

ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা,
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায় |

মাটিকে সাৱটি ধৰি
মাটিকে সাৰথি কৰি
মাটিৰ বুকুত শোণিত ঢালোঁ
জিৰণি পাহৰি;
জিৰণি পাহৰি |

ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা,
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায় |

মই হ’লো মাউৰা ল’ৰা
মোৰ আই নাই;
কাবৌ কৰোঁ ধৰিত্ৰী মোৰ
তুমি হ’বা আই |

মাটি আৰু খেতিয়কৰ
সম্বন্ধ আছে যুগ-যুগৰ
কৃষক মাটিৰ মিলনত
দিয়ে অন্তৰায়,
দিয়ে অন্তৰায় |

হে মোৰ ধৰিত্ৰী আই
চৰণতে দিবা ঠাই,
খেতিয়্কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়;
দয়া কৰা দয়াশীলা আই |
দয়া কৰা দয়াশীলা আই ||


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *