Song: Aalfuliya Kumoliya (আলফুলীয়া কুমলীয়া)
Singer: Bhupen Hazarika
![]() |
Aalfuliya Kumoliya Lyrics |
Aalfuliya Kumoliya Lyrics:—
আলফুলীয়া কুমলীয়া চেনেহৰ অকণি বীৰ
অʼ মোৰ চেনেহৰ অকণি বীৰ ।
তোমাৰ দেশৰ বীৰ লাচিতে
শতৰু কৰি ছিৰাছিৰ
সুজলা সুফলা পূব ভাৰতীৰ
উজলাই ৰাখিলে শিৰ।
ভাৰতে পূজিলে শিশু শঙ্কৰক
কোমল কবিতা লিখনীৰ
তুমিও ৰচিবা এটি দুটি আখৰেৰ
সৰু ভাব অকণি মনৰ।
অʼ মোৰ চেনেহৰ অকণি বীৰ।
পৰাধীনতা দেখি শিশু কুশলৰ
বইছিল তপত ৰুধিৰ
দেশৰ কাৰণে সেয়ে
হিয়া ফালি তেজ দিলে
অʼ মোৰ অসমীৰ চেনেহৰ অকণি বীৰ।
পুৱাৰ সূৰুযৰ নতুন সৃষ্টি তুমি
উজলাই তোলা ধৰণী
তুমি ৰুদ্ৰমূৰ্তি ধৰি নাশিব লাগিব
অবিচাৰ শোষণকাৰীৰ ।
অʼ মোৰ চেনেহৰ অকণি অকণি বীৰ
শোষণ মুক্ত কৰি পূৰ্বভাৰতীৰ
উজলাই ৰাখিবা শিৰ
অʼ মোৰ চেনেহৰ অকণি বীৰ।।
Leave a Reply