Song: Osto Akakhore (অস্ত আকাশৰে)
Singer: Bhupen Hazarika
![]() |
Osto Akakhore Lyrics |
Osto Akakhore Lyrics:—
অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী।
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়।
কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে
ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়ায়।
দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস
কত যুগৰ, শত আশা-নিশাৰে নিশ্বাস।
লক্ষ্য যদি দিগন্ত শিল্পী হে’ তোমাৰ
পদুমৰে পানচৈ চপোৱাঁ এবাৰ
দেখিবা, জীৱনৰে দিগন্ত অপাৰ।
বেলি যে যায়, বেলি যে যায়
বেলি যে যায়।।
Leave a Reply