লিয়েনমাকাও–
লিয়েনমাকাও
কোন
কোন পাহাৰ শিখৰতে
বাট চাইছা ?
সুৰৰ পঁজা কিয় উদং ৰাখিম
অকলশৰে মই কিমান কান্দিম
তাকে একমনে ভাবিছাঁ ।
চুলিটাৰি—
চুলিটাৰি
তাতে
তাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছা
সেই ৰং লাগি হঁহা
শ্বৰাতি বাঁহীৰ
সেই ৰং লাগি হঁহা
শ্বৰাতি বাঁহীৰ
সুৰধ্বনি তুমি শুনিছা ?
অ’ আকাশ —
অ’ আকাশ
মোৰ লগৰীক তুমি জানো দেখিছা ?
তেওঁৰ জেইনচেমখনি বিজুলীৰে বোৱা,
ৰঙা ওঁঠজুৰি
অ’ মৌৰে বোলোৱা
তুমি জানো মন কৰিছা ?
অ’ নিয়ৰ —
অ’ নিয়ৰ
সুহুৰি মাৰিছাঁ —
খুবলেই শ্বিবুন
শ্বিবুন তোমাকে
অ’ মোৰ মানসীৰ
অ’ দেহাৰে ভাঁজত
কোমলতা তুমি সানিছা ।।
Leave a Reply