Song: Poka Dhanor Maje Maje (পকা ধানৰ মাজে মাজে)
Singer: Rudra Baruah
![]() |
Poka Dhanor Maje Maje Lyrics |
Poka Dhanor Maje Maje Lyrics:—
পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ’
সৰু সৰু আলি
আলিত পৰি গীত জোৰে জাক বালিমাহী।।
হিমচেচাঁ বতাহ আহি ধান গ’লে চুমি
দাৱানীয়ে হাতত কাঁচি খৰাই ললে তুলি।
যাওঁ কি নাযাও খোজেৰে
পাওঁ কি নাপাও ভাবেৰে
সৰুকিয়া বাট গ’লে বুলি।।
পকা ধানে হালি-জালি
দাৱানীক কয় আহা বুলি
দাৱানীয়ে সেৱা জানাই
ধানৰ গোছত মাৰে মুঠি
সোনগুটিৰ ভৰত হাতৰ ধৰে শিৰামুৰি
জাক দাৱনীৰ জিৰণি গীতে পথাৰ ধৰে জুৰি
সৰু সৰু চৰাইবোৰ
লাজত পলাই উৰা মাৰে
ধান ফালি ফালি।।
ধানৰ পাতে কাটে
তেজ ডোঙা পাতে।
সোণগুটিৰ ভৰত
জোনবিডিয়া ভাঙে
তেওতো আমাৰ দুখ নাই
ধানে হাঁহি হাঁহোৱাই
উলাহেৰে গীত গাঁও মন সঁফুৰা খুলি।।
Leave a Reply