Song: Aji Ganor Xorai Patilu (আজি গানৰ শৰাই পাতিলোঁ)
Singer: Jyoti Prasad Agarwala
Aji Ganor Xorai Patilu Lyrics |
Aji Ganor Xorai Patilu Lyrics:—
আজি গানৰ শৰাই পাতিলোঁ
প্ৰাণৰ শৰাই পাতিলোঁ
বিশ্বথাপনাত
মোৰ পূজালৈ মাতিলোঁ, মোৰ পূজালৈ মাতিলোঁ
বিশ্ব জনতাক ।
থাপনাত মই থাপিলোঁ
শুদ্ধ স্বত্ব সুন্দৰতাক …
আজি সোণৰ শৰাই পাতিলোঁ
ৰূপৰ শৰাই পাতিলোঁ
দুখৰ শৰাই
চকুপানীৰ মুকুতাৰেই ভৰাই
পাতিলোঁ অ’ পাতিলোঁ ।
তোকো মাতিলোঁ
তোকো মাতিলোঁ
জনতাকো মোৰ পূজালৈ
মাতিলোঁ মাতিলোঁ
আজি গানৰ শৰাই পাতিলোঁ ।
মোৰ বেদনাত
হীৰা মাণিক যদি কিবা ফুলে
মোৰ সাধনাত নৱলোকৰ ৰামধেনুখন
যদিহে জ্বলে
সংস্কৃতি মোৰ জাতিষ্কাৰ
যদি ফুলে ফলে
অৰ্ঘা-কোষা পূৰ্ণ কৰি বিশ্ব তীৰ্থ জ্বলে
মাতিলোঁ মই মাতিলোঁ
নিমন্ত্ৰণৰ আমন্ত্ৰণৰ
মন্ত্ৰ বোধনৰ
উদ্বোধনৰ
চিৰ সুন্দৰৰ
জনতাকো মোৰ পূজালৈ মাতিলোঁ
মাতিলোঁ আজি
আজি গানৰ শৰাই পাতিলোঁ ।।
Leave a Reply