Song: Konman Borkhire Sip (কণমান বৰশীৰে চিপ)
Singer: Dipali Barthakur
Konman Borkhire Sip Lyrics |
Konman Borkhire Sip Lyrics:—
কণমান বৰশীৰে চিপ
অ’ অ’ কণমান বৰশীৰে চিপ
কণমান বৰশীৰে চিপ
তাৰে আগত ৰঙা জিঞাঁ
ৰাজকন্যা নাচে দীপলিপ্
অ’ জিঞাঁ নাচে দীপলিপ্
কণমান, কণমান
কণমান বৰশীৰে চিপ ।
অ’ জিঞাঁ, অহ’ জিঞাঁ
অহ’ জিঞাঁ …
বাৰে বাৰে উৰি উৰি
পানীলৈকে যাৱ জিঞাঁ
অ’ জিঞাঁ, অহ’ জিঞাঁ …
অহ’ জিঞাঁ …
বাৰে বাৰে জুমি জুমি
পানীত কিনো চাৱ জিঞাঁ
অ’ জিঞাঁ, অহ’ জিঞাঁ …
সিয়ে জান কৰে তোকে মায়া জিঞাঁ
সিটো দেখোন পানীত তোৰে ছায়া
অ’ জিঞাঁ
সিটো দেখোন পানীত পৰা
তোৰেই নিজৰ ছায়া
তাকে নেকি ভুলাবলৈ
টিক্টিকিয়া ৰঙা আঁচল
ধিপধিপীয়া বুকুত খুৱালি গিলিপ
কণমান, কণমান ।
কাকে আজি সাজি-কাচি ভুলাই অনাৰ মন জিঞাঁ
কাৰ বাবে তোৰ বৈ পৰা সেই ৰঙা আঁচল খন জিঞাঁ
দুয়ো চকুত ল’লি কাজল সানি … জিঞাঁ
কাৰ বাবে তই দুয়ো চকুত ল’লি কাজল সানি
সেওঁতা তলত ল’লি নেকি
অ’ জিঞাঁ তই লেখি লেখি
জিল্মিলীয়া সোণপৰুৱাৰ সোণোৱালী টিপ্
কণমান, কণমান ।
কণমান, কণমান
কণমান বৰশীৰে চিপ
অ’ অ’ কণমান বৰশীৰে চিপ ।।
Leave a Reply