Song: Porbotor Dhek Dhekia (পৰবতৰ ঢেকঢেকীয়া)
Singer: Zubeen Garg
Album: Junbai
![]() |
Porbotor Dhek Dhekia Lyrics |
Porbotor Dhek Dhekia Lyrics:–
পৰবতৰ ঢেকঢেকীয়া লিহিৰিপতীয়া
বতাহত যেনেকৈ হালে
ঢোলৰে চাপৰত তোৰে লাহি কঁকাল
দুচেও তিনি চেও কৈ ভাগে
তোৰ দৰে নাচনী দেখি চিৰি কৃষ্ণই
বাঁহী বজাইছিলে চাগে’
মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে’ ।
পৰবতৰ ঢেকঢেকীয়া লিহিৰিপতীয়া
বতাহত যেনেকৈ হালে
ঢোলৰে চাপৰত তোৰে লাহি কঁকাল
দুচেও তিনি চেও কৈ ভাগে
তোৰ দৰে নাচনী দেখি চিৰি কৃষ্ণই
বাঁহী বজাইছিলে চাগে’
মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে’ ।
পাহাৰী নিজৰা দেখি ভালে লগা
কুলু কুলু কৰি নামে
ছোৱালী ধুওনীয়া মাগুৰ বৰণীয়া
কঁকাল খামুচীয়া হ’লে
ডেকাতো বাদেই দে বুঢ়ায়ো জাঁপ মাৰিব
বিহু নাচিবলৈ পালে
মোৰ মইনা ঐ বিহু নাচিবলৈ পালে ।
পাহাৰী নি নিজৰা দেখি ভালে লগা
কুলু কুলু কৰি নামে
ছোৱালী ধু ধুনীয়া মাগুৰ বৰণীয়া
কঁকাল খামুচীয়া হ’লে
ডেকাতো বাদেই দে বুঢ়ায়ো জাঁপ মাৰিব
বিহু নাচিবলৈ পালে
মোৰ মইনা ঐ বিহু নাচিবলৈ পালে ।
ফাগুনৰ পছোৱাই আগলি কলাপাত
চিৰিলি চিৰিলি কৰে
যৌৱনৰ ধুমুহা উদঙীয়া মন
যেনি তেনি জান ঐ উৰে
তোকে দেখাৰ পৰা জান নে বুকুত মোৰ
ঘনাই ভুমিকম্প আহে
মোৰ মইনা ঐ ঘনাই ভুমিকম্প আহে ।
ফাগুনৰ পছোৱাই আগলি কলাপাত
চিৰিলি চিৰিলি কৰে
যৌৱনৰ ধুমুহা উদঙীয়া মন
যেনি তেনি জান ঐ উৰে
তোকে দেখাৰ পৰা জান নে বুকুত মোৰ
ঘনাই ভুমিকম্প আহে
মোৰ মইনা ঐ ঘনাই ভুমিকম্প আহে ।
লগৰ সমনীয়া যোৰ পাতি আহে
হাঁহি দেখি ভাগৰ লাগে
তেনেকৈ নেচাবি চকুতে চকু থৈ
বুকুত মেজিৰে জুই জ্বলে
তোৰে কাষে চাপি গ’লে মোৰ মৰমী
বাঁহী বজাই দিওঁ যেন লাগে
মোৰ মইনা ঐ বাঁহী বজাই দিওঁ যেন লাগে ।
বাঁহী বজাই দিওঁ যেন লাগে
মোৰ মইনা ঐ বাঁহী বজাই দিওঁ যেন লাগে ।
বাঁহী বজাই দিওঁ যেন লাগে
মোৰ মইনা ঐ বাঁহী বজাই দিওঁ যেন লাগে ।
Leave a Reply