Song: Bon Gaonloi Jabi (বন গাঁৱলৈ যাবি)
Singer: Jyoti Prasad Agarwala
Bon Gaonloi Jabi Lyrics |
Bon Gaonloi Jabi Lyrics:—
বন গাঁৱলৈ যাবি
বন ভাৱনা
হেৰোৱা মাণিক জানো বিচাৰি পাবি ?
তাত ৰূপৰ নিয়ৰে
মলচা দুৱৰি
সোণ হৰিণাই খায়
তাত নেদেখা ফুলৰ
নুসুঙা গোন্ধত
বননি আমোল মোলায় ৷
তাত ধুনতে ধুনীয়া
পাট গাভৰুৱে
কাৰোবালে’ বাট চায়
বনৰে বাটেদি
জোনাকত ফুৰোতে
ফুলকোঁৱৰক পায় ৷৷
Leave a Reply