Song: Gaon Khoni Mur Dhuniya (গাঁওখনি মোৰ ধুনীয়া)
Singer: Jyoti Prasad Agarwala
Gaon Khoni Mur Dhuniya Lyrics |
Gaon Khoni Mur Dhuniya Lyrics:—
গাঁওখনি মোৰ ধুনীয়া
গাঁওখনি মোৰ গুণীয়া
মৰমতে মৰোঁ
সেউজী আঁচল ধৰো ৷
গাঁওখনিকেই ভাবি ভাবি
কত সপোন ৰচোঁ… দুখ বেজাৰত
গাঁওখনিৰেই
মুখনি চাই
চকুৰ পানী মচোঁ ৷
মোৰ গাঁওখনি অ’, মোৰ মাওজনী অ’
তৰাতকৈও
জোনতকৈও
আকাশী চৰগতকৈও ভাল
ৰাতিপুৱাই বকুল সৰে, কপৌটিয়ে
নাচোন ধৰে ৷
দুৱৰিত শেৱালি পৰে
আমোল মোলাই
সোণসন্ধিয়া গধূলি গোপাল ৷৷
Leave a Reply