Song: Tiranga Nisan Bijoyi Nisan (তিৰঙ্গা নিচান বিজয়ী নিচান)
Singer: Jyoti Prasad Agarwala
Tiranga Nisan Bijoyi Nisan Lyrics |
Tiranga Nisan Bijoyi Nisan Lyrics:—
তিৰঙ্গা নিচান বিজয়ী নিচান
তিৰঙ্গা নিচান
বিজয়ী নিচান
সসাগৰা পৃথিৱীৰ ধ্ৰুবজ্যোতি তই
আলোকিছ ভাৰত বিমান ৷
সমৰৰ শক্তি
দলিতৰ মুক্তি
ক্ষুধিতৰ ত্ৰাণ
তিৰঙ্গা নিচান
বিজয়ী নিচান
কোটি কোটি কণ্ঠে
হব তোৰ জয় গাণ
কোটি কোটি হব বলিয়ান ৷
বিশ্ব বিমুগ্ধ
সত্যৰ যুদ্ধ
দীপ্ত কৰিছে হিন্দুস্থান
মুক্তিকামীৰ আজি
সাম্য শান্তিৰ
ক্ৰান্তিৰ অভিযান ৷
নমো নমো নমো
নৱ মানৱৰ
নৱ ভাৰত প্ৰাণ
তিৰঙ্গা নিচান
বিজয়ী নিচান ৷৷
Leave a Reply