Category: bihu gaan
-
Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics | Jaanmoni | Zubeen Garg
Song Name: Phool Fulise Baxontor (ফুল ফুলিছে বসন্তৰ) Singer Name: Zubeen Garg Music Album: Jaanmoni Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics::– ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… গুণ গুণ কৈ ভোমোৰাঁ ফুলে ফুলে পৰিছে, থূপা থুপে নাহৰ তগৰ ডাল ভৰি পৰিছে, জানমনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ বুকুৰে কলি…… জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. ৰঙা নীলা পখিলা, জাকে জাকে উৰিছে, কু কু… কৈ কুলিটিয়ে পাতৰ আঁৰত মাতিছে…. অ জানমনি তুমিয়েই মোৰ প্ৰাণৰে পুতলা, তুমিয়ে মোৰ আশাৰে নিজৰা, তুমিয়ে মোৰ মৰমৰ মনি….. ন কুহিপাঁত আহতৰ, ন ধাল নামে লুইতৰ, সদায়েচোন থাকিবা, তৰা হৈ মোৰ মনৰ আকাশত…. ঢোল পেপা গৰজিলে, অসমৰ চুকে কোণে, তুমি কাষত নাথাকিলে , মনে কিবা কৰে….…