Song: Anubhob Mur Pritir Smriti (অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি)
Singer: Anima Choudhury
Lyrics: Hemen Hazarika
![]() |
Anubhob Mur Pritir Smriti Lyrics |
Anubhob Mur Pritir Smriti Lyrics:–
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া,
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
দহি দহি হ’লোঁ
চপৰা উজ্জ্বল সোণ ধাতু
দহি দহি হ’লোঁ
চপৰা উজ্জ্বল সোণ ধাতু
চকুতে চকুলো সামৰি হ’লোঁ
বৰ্ষা শ্ৰাৱণ ঋতু
সহানুভূতিৰে গোৱা গীতবোৰ
সহানুভূতিৰে গোৱা গীতবোৰ
হওক চিৰস্মৰণীয়া,
যুগমীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
সময় সূঁতিৰ দুকুল বাগৰি
হ’লোঁ যে বোৱতী মহানদী
সময় সূঁতিৰ দুকুল বাগৰি
হ’লোঁ যে বোৱতী মহানদী
জীৱন নামৰ তৰীখনি মোৰ
উটি ভাহি যাওক যায় যদি
ক্ষতি নাই নাই উভটি নাচাওঁ
ক্ষতি নাই নাই উভটি নাচাওঁ
গীত মোৰ লগৰীয়া
আৰু ছাঁ মোৰ লগৰীয়া
অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া,
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি ।
Leave a Reply