Song: Monote Pore (মনতে পৰে)
Singer: Angaraag Mahanta
![]() |
Add caption |
Monote Pore Lyrics:—
মনতে পৰে আজি সোঁৱৰণী
সেউজী পথাৰ বুকুতে সেউজীয়া
আইৰে বুলনি মৰমৰ চেকনিত
পিঠিৰে মাজত অাজিও সাজ থকা
ল’ৰালি থাক মোৰ গাতে লাগি
ধেমালি কৰ মোৰ সতে আহি
ল’ৰালি থাক মোৰ গাতে লাগি
ধেমালি কৰ মোৰ সতে আহি
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা ।
নদীতে ডুব মৰা ম’হৰ পিঠিত বগুৱা
নৰা পেঁপাৰ সুৰ উঠে ৰাগি ধৰা
নৰা পেঁপাৰ সুৰ উঠে ৰাগি ধৰা
খিৰিকি ফালি ফণী খনি হাতে ধৰি লৰ মৰা
অংক বুলিলে মনত চাৰ ঘনা মৰা
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা ।
নাম ঘৰৰে আখৰা সুৰৰ চাপৰি সৰা
আয়তীৰে নামবোৰো বুকুতে নধৰা
আয়তীৰে নামবোৰো বুকুতে নধৰা
জেওৰা ভাঙি মাঘৰ বিহুত মিলি চুৰ কৰা
পিছদিনাখন দেউতাৰ মুখতে ধৰা পৰা
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা ।।
Leave a Reply